Thursday, January 3, 2019

লাচিত বৰফুকন: ২

আমাৰ জাতীয় বীৰ জনৰ বিষয়ে দুআষাৰ মান পুণৰ লিখিবলৈ লৈছো৷ প্ৰথম লিখাটো আছিল এটি বৈকল্পিক-বুৰঞ্জী (Alternate-history), যিটো সঁচা বা মিছা বুলি কোনেও দাবীও কৰিব নোৱাৰে আৰু বৰ্তমানলৈকে মজুত থকা সমলৰে প্ৰমাণো কৰিব নোৱাৰে৷ আজি লিখিবলৈ লোৱা কথা খিনিত বুৰঞ্জী কম আৰু অসমীয়া জাতিৰ ভৱিষ্যতকলৈ শংকা বেছি৷

আজিৰ তাৰিখত অসমীয়াৰ ভিতৰতে লাচিতৰ আদৰ্শৰে আগুৱাই  যোৱাৰ মানসিকতাতকৈ লাচিতৰ বংশ পৰিচয়, জাতি আৰু ধৰ্মকলৈহে টনা-টনি বেছি৷ আহোমে কয় লাচিত নামটোৱেই আহোমৰ৷ লাচিতক মৈদাম দিয়া হৈছিল৷ চ্ছুটীয়া সকলে কয় লাচিত চ্ছুটীয়াহে আছিল৷ লাচিত লুখুৰাসন ফৈদৰ আছিল আৰু এই ফৈদৰ বুজন অংশ আদিতে বৰাহী আছিল৷ বৰাহী সকলৰ একাংশ যেনেদৰে আহোমৰ লগত মিলি গ'ল আন একাংশ চ্ছুটীয়া সকলৰে এটা অংশ হৈ থাকি গ'ল৷ বৰাহী সকল বডোমূলৰ আছিল বাবে হয়তো কছাৰীসকলেও দাবী কৰিব পাৰে লাচিতকলৈ৷ মুঠতে লাচিতৰ নামত আমি শপত খাই একগোট হোৱাতকৈ মুৰ ফলা ফলি কৰিবৰ বাবেহে বেছি আগ্ৰহী বুলি ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছোঁ৷ এচামে লাচিতক 'হাইজেক' কৰি হিন্দুবীৰ হিচাপেও আদৰি(?) লৈছে৷ গতিকে অসমীয়া জাতিৰ ভৱিষ্যতকলৈ চিন্তা কৰা সকলোৰে মনত কিছু শংকাৰ উদ্ৰেক হোৱাটো স্বাভাৱিক৷

প্ৰশ্ন হ'ল, সমিধান ক'ত? সমাধান আমাৰ হাততেই৷ থিক আছে, আমাৰ বীৰ জনক আমি হেৰুৱাব নিবিছাৰো, কিন্তু