Saturday, February 20, 2016

লাচিত বৰফুকন

লাচিত বৰফুকনৰ নাম নুশুনা অসমীয়া মানুহ আৰু তেখেতৰ বিষয়ে ভালদৰে জনা অনাঅসমীয়া মানুহৰ সংখ্যা নিচেই কম যেন মোৰ ভাৱ হয়৷ মই এনেদৰে কোৱাৰ এটা কাৰণ আছে৷ আমি অসমীয়া মানুহ সকলে নিজেই লাচিতৰ বিষয়ে "ভালদৰে" নাজানো৷ লাচিতৰ জন্ম বা মৃত্যু সম্পৰ্কে আমাৰ হাতত প্ৰায় কোনো তথ্য নাই৷ আমাৰ মাজত যিসকলে লাচিতৰ বিষয়ে অলপ হ'লেও জানে, তেওঁলোকে হয়তো কিধৰণে অসমৰ বাহিৰত লাচিতৰ বিষয়ে প্ৰচাৰ কৰিব তাৰ কোনো মাধ্যম সহজে ঢুকি পোৱাত নাই৷

লাচিতৰ বিষয়ে মোৰ জ্ঞান সীমিত, যি কণ জানিছোঁ, সেইয়া সূৰ্য্য কুমাৰ ভুঞা দেৱ বা আন দুই এজন বুৰঞ্জীবিদৰ কৃপাত৷ কিন্তু মোৰ কিছু প্ৰশ্নৰ উত্তৰ মই এতিয়াও বিচাৰি পোৱা নাই৷

লাচিত বৰফুকনৰ জন্ম কিদৰে হৈছিল? ক'ত? মোমাই তামূলী বৰবৰুৱা তেখেতৰ